বাটে-ঘাটেঃ এটা গানৰ গল্পঃ অসীমা শইকীয়া দত্ত
এটা গানৰ গল্প
অসীমা শইকীয়া দত্ত
সকলো একে নহয় তথাপি তাৰমাজতে …মোৰ অনুভৱ……………।
বিবাহ। তাকে বহুতে আঠ মঙলাৰ পিছতে মাজৰ আখৰটো উঠাই দিয়ে (বিহ)। বিয়াৰ দৰা গাড়ীৰ পৰা নামি লোকৰ পদূলিত ভৰি দিয়া কইনাজনীৰ টাইপটো "লুইতৰে পানী যাবি ঐ বৈ.." যেন লাগে।যেনিয়ে বোঁৱাব তেনিয়ে যেন ব’ব ৷ দৰাটো যেন মুখত সোপা লৈ টোকাৰী গীত "কেলেইনো আহিলি মায়া বজাৰলৈ" টাইপ। ……আদৰিবলৈ অহা শাহুৱেক কিছুমানে শৰাই ঘূৰাই …"আই এম এ ডিস্ক ডেঞ্চাৰ..." টাইপত। যেন "আহিলি মোৰ ল’ৰালে, নচুৱাম তোক মৰতি। "……
…পিছত……কুমজেলেকুৱাৰ দৰে চ'ফ লৈ বহি থকা "আখেঁ হে ভৰি ভৰি..." টাইপ আমন জিমন কইনাজনী আঠ মঙলাত ঘৰলৈ গৈ লাহে লাহে "ওলালা ওলালা তুহে বড়ী ফেন্টাছটিক" ফিলিংচ এটা লৈ উভতি আহে।যেনিয়ে বোঁৱাব তেনিয়ে ব’ব বুলি ভৰি দিয়া লুইতৰে পানী জনী "আনে যোৱা বাটেৰে নোযোৱা ছোৱালী জনী পোৱানে চিনি পোৱানে চিনি..." হৈ পৰে । ঘৰুৱা কামৰ প্ৰথমখন কাজিয়াৰ শুভাৰম্ভত পাকঘৰত বাচনৰ শব্দ হয় …"তু শ্বায়েৰী হে মে তেৰি বেলনা মাৰী।" দৰাটো পত্নী আৰু মাকৰ মাজত "দিখৌ নৈ এৰিব নোৱাৰোঁ জাঁজী নৈ এৰিব নোৱাৰোঁ " টাইপৰ হৈ পৰে। বেচেৰাই দেউতাকলৈ সহায়ৰ আশাত চায় পিছে দেউতাক আগতেই …"অ’ মোৰ আপোনাৰ দেশ..." হৈ বাৰাণ্ডাত বহি আছে ।…লাহে লাহে …"হাম্মা হাম্মা ……ৰাম্বা হ' হ'..." ফুল স্পীড মিউজিকৰ গানৰ টিউনেৰে "ঘৰ তই থাক মই যাওঁ।" অনা মাছ পৰি থাকে শাহুৱে ভাৱে তই বাছ, বোৱাৰীয়ে ভাৱে তইহে বাছ । পিছত শহুৰেকে "মাছলে গৈছিলোঁ এজনীও নাপালোঙ ..." টাইপ হৈ মাছ বাছি ধুই পখালি অটায়। ৰাতিপুৱাই পাকঘৰত আৰম্ভ "দিন জ্বলে, ৰাতি জ্বলে…" পাকঘৰত গেছৰ চৌকা নজ্বলেহে নজ্বলে। নিজৰ চাহৰ গেছ নিজে জ্বলাই খা ………। ভাগৰুৱা হয় এসময়ত সকলো। "অথিৰ ধন জন জীৱন যৌৱন" বুলি দেউতাকৰ পৰামৰ্শত পুত্ৰই টোপোলা বান্ধে পত্নীক লৈ …"এই বাটেৰে ওলালো আজি নাহোঁ ওভতি ৷"……………অনুতপ্ত মাকে বোৱাৰীয়েকৰ হাতত ধৰে …"তু তু তু তু তাৰা তৰো না দিল হামাৰা।" বোৱাৰীয়েকে যাবলৈ বন্ধা টোপোলা নমাই ঘৰৰ সকলোৱে সমবেত ভাৱে গায় ………"জন গন মন অধিনায়ক জয় হে……………………" ঘৰৰ মুধচত শান্তিৰ পতাকা।
"জয় হে জয় হে
জয় জয় জয় জয় হে। …………"
------------------------------------------------
বৰ ভাল লাগিল৷
ReplyDeleteমোৰ প্ৰিয়তম লিখিকা গৰাকীক অালাপৰ বাকৰিত পাই সুখী হলো ।
ReplyDeleteবহুত ভাল লাগিল ৷
ReplyDelete