গল্পঃ অস্পষ্টঃ মল্লিকা শৰ্মা বৰদলৈ
অস্পষ্ট
বীণাৰ ল'ৰাটোৰ অন্নপ্ৰাশন আজি। নগ'লে বৰ বেয়া পাব বাবে মীৰা যাবলৈ ওলাইছে। বীণা মীৰাৰ সখীয়েক। শৈশৱৰে পৰা দুয়োজনী এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে আছিল। এটা সময় আছিল যেতিয়া ইজনীয়ে আনজনীক এৰি একোৱেই নকৰিছিল, ক'লৈকো নগৈছিল। মীৰাৰ ঘৰৰ অৱস্থা বীণাতকৈ যথেষ্ট ভাল হ'লেও সেইবোৰে প্ৰভাৱ পেলাব নোৱাৰিছিল সিহঁতৰ বন্ধুত্বত। আনকি কেতিয়াবা মীৰাই বীণাৰ ভাল লাগিলে নিজৰ ভাগৰ বস্তুটোও তাইক দি দিছিল। আজি সেইজনী বীণা তাইতকৈ বহুত আগুৱাই গ'ল তাইহে একেঠাইতে থাকিল। সেই বীণাৰে ল'ৰাৰ অন্নপ্ৰাশন । বীণাই দঢ়াই দঢ়াই কৈ গৈছে যাবলৈ।
বেণীডাল গাঁথি চেলাউৰি দুডালৰ মাজভাগতে ফোঁটটো লগাই নিজকে চাই লয় মীৰাই। আগৰ দৰে উজ্জ্বলতা নাই চকুহালত। কাজল অকণমানকৈ লগাই চকুহাল ডাঙৰকৈ মেলি চালে তাই। সেই তেতিয়াই যে আৰম্ভ কৰিছিল কাজল লগোৱা। তেতিয়া, যেতিয়া তাইৰ চকুৱে আঁকিবলৈ আৰম্ভ কৰিছিল সপোনৰ আঁক বাঁক। উফ, সেই সময়ৰ কথাবোৰ পাহৰি যোৱা বুলি ভাবিলেও আকৌ উভতি উভতি কিয় আহেনো?কষ্ট হয়, বৰ কষ্ট হয়।
উপহাৰটো হাতত লৈ সোমাই গৈছে মীৰা। ল'ৰাটোক কোঁচত লৈ বীণা পূজাত বহি আছে। কাষতে সেয়া তাইৰ স্বামী। সুখী সুন্দৰ পৰিয়াল। মীৰাক দেখি বীণাই ইংগিতেৰে বহিবলৈ কৈছে। আলহী অতিথিৰ মাজত লুকাই পৰিছে তাই। বীণাৰ সুখত সুখী মীৰা, অথচ তাই সহজ হ'ব পৰা নাই। এই অসহজবোধৰ কাৰণ তাইক অস্থিৰ কৰি তোলা এহাল চকু। সেইহাল চকু সমুখলৈ নাহক, তাই কেৱল তাকেই আশা কৰি ৰৈছে। অন্নপ্ৰাশনৰ বিধি বিধান শেষ কৰি মীৰাৰ কাষতে আহি বহিছে বীণা। তাৰ মাজতে মীৰাৰ কোঁচত কেঁচুৱাটোক দি বীণাই অতিথিক সোধ পোছ কৰিছেগৈ। একাষৰীয়াকৈ বহি থকা মীৰাৰ মনটো ঘূৰি ফুৰিছে এৰি অহাৰ পিছতো লগ নেৰা সময়বোৰত।
°°°°°°°°°°°°°°°°
কিছুদিনৰ পৰা মনটো অকাৰণতে ভাল লাগি থকা হৈছে মীৰাৰ। বুকুত গান এটা বাজি থাকে।আজিকালি নিজকে সজাই পৰাই ভাল পাই মীৰাই। চকুত অকণমানকৈ কাজলো লগাই তাই। আইনাখনত নিজকে ধুনীয়া দেখি মিচিকিয়া হাঁহিটো নিগৰি আহে ওঁঠৰ ফাঁকেৰে। বীণা আৰু তাই সাঁজ লগাৰ আগে আগে ৰাস্তাত খোজকাঢ়িবলৈ যায়। সৰুৰেপৰা একেলগে ডাঙৰ হোৱা বীণাৰ লগত মীৰাৰ তোলনী বিয়াতে "বটা" ধৰি সখী বান্ধিছিল দুয়ো। তেতিয়াৰ পৰা ইজনীয়ে সিজনীৰ পৰা একো লুকুৱাই পোৱা নাই। কিছুদিনৰ পৰা কথা এটাই আমনি কৰিব ধৰিছে মীৰাক। কথাটো বীণাক ক'বলৈ মন গৈ আছে যদিও ক'ব পৰা নাই।
তিনিআলিটো পাৰ হৈয়ে দোকানখন। বেছিভাগ প্ৰয়োজনীয় বস্তু তাৰ পৰাই কিনে মীৰাহঁতে। তাতেই তাইক অনবৰতে আমনি কৰি থকা চকুহালৰ গৰাকীও থাকে। আহোঁতে যাওঁতে দোকানৰ ভিতৰলৈ নিজে নিজেই চকু যায়, সেইখিনিতে খোজবোৰ ধীৰ হৈ পৰে। প্ৰয়োজন নাথাকিলেও কিবা এটা কিনাৰ চলেৰে প্ৰায়েই সোমাই মীৰা, লগতে বীণাকো টানি টানি লৈ যায়। তেৱেঁই এদিন কাজলডাল চুই থাকোঁতে মীৰাক কৈছিল, "কাজল লগালে ভাল লাগে"। সেইদিন ধৰি বুকুৰ বিষ এটাই লগ নেৰে তাইৰ, মিঠা যেন লগা বিষ এটা। তেওঁ তাইৰ ফালে চাই মিচিকিয়ালে উশাহ বন্ধ হৈ যাব খোজে। লাজ লাজ ভাৱটোৰেই তাই উভতে। বীণাক কথাটো কৈ দিব খুজিলেও মুখেৰে একো ওলাই নাহে। তেনেকৈয়ে দিনবোৰ আহে, যায়। মীৰাৰ বুকুৰ ভাললগা যন্ত্ৰণাটো বাঢ়ি গৈ থাকে।
দোকানৰ বস্তুবোৰ এনেয়ে চাই থাকোঁতে কাণফুলিবোৰলৈ চকু যায় দুয়োৰে। ধুনীয়া ধুনীয়া ৰং বিৰঙৰ মণি লগোৱা কাণফুলিবোৰ। তাৰ ভিতৰৰে এযোৰ কাণফুলি চকুত লাগিছিল মীৰাৰ, লিৰিকি বিদাৰি চাই বীণাকো দেখুৱাইছিল। দুয়োজনীৰ ভাললগাবোৰো যে ইমান মিলে, বীণাৰ মনটো মৰহি যায়, কিনিবলৈ মন গ'লেও হাতত পইচা নাথাকে। মীৰাৰ বেয়া নালাগে, তাইৰ উদ্দেশ্য কাণফুলি নহয়, সেই সময়খিনিহে...। মীৰাই নক'লেও বুজি পায়, তেওঁৰ চকুহালো আজিকালি এই সময়খিনিৰ অপেক্ষাতেই থাকে।
তেওঁৰ কথা ভাবি ৰাতিবোৰ চকুৰ পচাৰতে পাৰ হৈ যায়। অলপ অভিমানো হয়, তাই ছোৱালীজনী হৈ কথা সুধিব নেকি, তেওঁৰ এষাৰো কথা সুধিবলৈ মন নাযায়নে তাইক? তেওঁলৈ চিঠি এখনকে লিখিব নেকি বাৰু, কি কৰা যায়? শিহৰণবোৰে অস্থিৰ কৰি তোলে। মীৰাই বীণাক কথাটো কৈ দিবলৈ ঠিক কৰে। বীণাক ক'লেহে যদি মনটো পাতল লাগে। সন্ধিয়া মীৰাই উৎসুকতাৰে বীণালৈ বাট চাই ৰয়। বীণাৰ ঘৰলৈ আলহী আহে, তাই আহিব নোৱাৰে। মীৰাই পিছদিনালৈ কথাটো সামৰি ৰাখে।
পিছদিনা পুৱাই বীণা আহে মীৰাৰ ওচৰলৈ। আলহীয়ে উপহাৰ দি যোৱা বস্তুটো মীৰাক হাতৰ মুঠিতে আনি দেখুৱায়। ভাললগা আৰু লাজৰ ৰংটোৱে বীণাক ৰঙচুৱা কৰি পেলায়। বীণাৰ বুকুত গোপনে থিতাপি লোৱা সপোনটোৰ কথা মীৰাইও তেতিয়াহে গম পায়। তাই সযতনে বস্তুটো খুলি চাই, থৰ লাগে। সেইদিনা দুয়োৰে পছন্দ হোৱা সেই "কাণফুলিযোৰ"! বীণাই উশাহ নসলোৱাকৈ কৈ যায়। মীৰাৰ বাবেই যে তাই দোকানখনলৈ যাবলৈ লৈছিল। প্ৰথমতে একো নালাগিলেও মানুহজনৰ শান্ত স্বভাৱটোৱে লাহে লাহে তাইক অশান্ত কৰি তুলিছিল। তেওঁ খুলি নক'লেও তাইলৈ তেওঁৰ হৃদয়তো যে কিবা অনুভূতি এটা আছে সেয়া হেনো তাই আগতেই বুজিছিল। তেওঁক লৈ সপোন ৰচিবলৈ ধৰিছিল বীণাই আৰু তাইৰ সপোনটোৰ কথা মীৰাক কৈ দিয়াৰ আগতেই তেওঁৰ মাকে নিজেই আহি বিয়াৰ প্ৰস্তাৱ দিলেহি। তেওঁ হয়তো মন কৰিছিল সেইদিনা কাণফুলিযোৰ তাইৰ ভাললগা বুলি, সেয়ে মাকৰ হাতত দি পঠিয়াইছে উপহাৰ হিচাপে। বীণাৰ আনন্দৰ সীমা নাথাকে। আনকি মীৰাই তাইক আগদিনা কি ক'বলৈ মাতিছিল সেয়াও সোধা নহয়। আনহাতে মীৰাই প্ৰিয়বান্ধৱীৰ সুখৰ বতৰা, নৈখন বুকুত সামৰি হাঁহিৰে আদৰি ল'বলৈ চেষ্টা কৰে, আৰু ক'বলগীয়া কথাষাৰ বুকুতেই থাকি যায় তাইৰ....
°°°°°°°°°°°°°
আজিও মীৰা সহজ হ'ব পৰা নাছিল। ক'ৰবাত যদি তেওঁৰ মুখামুখি হয়, আৰু তাই লুকুৱাই ৰাখিব নোৱাৰে মনৰ ভাৱ, ধৰা পৰি যাব নেকি? বীণা ব্যস্ত হৈ থকাৰ সময়তে তাইৰ কোঁচত লৈ থকা কেঁচুৱাটোৱে কান্দি উঠিছিল। বীণাক বিচাৰি ঘৰৰ ভিতৰলৈ যাবলৈ লওঁতেই কেঁচুৱাটোৰ কান্দোন শুনি বিপৰীত দিশৰ পৰা ঢপলিয়াই অহা বীণাৰ স্বামীৰ গাত খুন্দা মাৰি কথমপিহে নপৰাকৈ ৰৈ গৈছিল তাই। অভাৱনীয়ভাৱে তেওঁৰ কাপোৰত খামুচি ধৰা হাতখনক এৰুৱাই ক্ষমা খুজি আঁতৰি আহোঁতে কিবা এটাই বিন্ধি যোৱা যেন লাগিছিল তাইৰ। যিহাল চকুত চকু থোৱাৰ অধিকাৰ নাই বুলি তাই কেতিয়াবাই মানি লৈছে সেইহাল চকুৱে কিয় সেই একেদৰেই চাই ৰৈছিল তাইৰফালে? কি প্ৰশ্ন আছিল তেওঁৰ চকুহালত যিটো স্পষ্ট নহ'ল তেতিয়া আৰু আজিও....
যি অস্পষ্ট হৈ ৰ'ল সেইখিনি, কোনেও নাজানিলে। মীৰা নামৰ ছোৱালীজনীক প্ৰথমদিনাই ভাল লাগি গৈছিল তেওঁৰ। তাইৰ বান্ধৱীৰ লগত দোকানলৈ গ'লে মনে মনে চাই ৰৈছিল মীৰালৈ। ভাললগাবোৰ ভালপোৱা হৈ পৰিছিল এসময়ত। মনৰ কথাবোৰ কিদৰে কোৱা যায়, জুকিয়াই লৈছিল তেওঁ। তেনেকুৱাতে এদিন সম্পৰ্কীয় মানুহ এজনৰ মুখত শুনিছিল মীৰাক চাবলৈ অহা ল'ৰা এজনক সকলোফালে উপযুক্ত হোৱাৰ পিছতো কেৱল "চাকৰি" এটা নথকা বাবে নাকচ কৰি উভতাই পঠিওৱাৰ কথা। সপোনটো চুৰমাৰ হ'বলৈ এক মুহূৰ্তও লগা নাছিল। মীৰাক কিবা ক'বলৈ তেওঁৰ সংকোচ হৈছিল, চাকৰি নথকা ল'ৰালৈ বিয়াৰ মত নিদিয়া ছোৱালীজনীয়ে দোকানী এজনলৈ দিবনে? নাই সোধা হোৱা নাছিল মীৰাক, সুধিব বুলি ভাবি থোৱা প্ৰশ্নটো। প্ৰত্যাখ্যানতকৈ অপ্ৰকাশেই সহনীয়।
বীণাক পছন্দ কৰিছিল মাকে। তাইৰ ঘৰলৈ প্ৰস্তাৱ লৈ যোৱাৰ দিনা কাপোৰ এযোৰৰ সৈতে সেই কাণফুলিযোৰো লৈ গৈছিল তেওঁ। যি বীণাৰ বাবে সাধাৰণ হৈও সাধাৰণ নাছিল। তেওঁ মীৰালৈ সাঁচি থোৱা কথাবোৰ কোনেও গম নোপোৱাকৈ থাকি গৈছিল। কিছুমান কথা অব্যক্ত হৈ থাকি যোৱাই ভাল। যিদৰে মাকে কাণফুলিযোৰ কাৰ কাৰণে আনিছে সোধোতেও এনেয়ে বুলি কৈ থৈছিল তেওঁ। যিযোৰ সেইদিনা মীৰাৰ পছন্দ হোৱা দেখি মীৰাহঁত ওলাই অহাৰ পিছতে তেওঁ জেপত ভৰাই লৈছিল। যিদৰে ইজনৰ পিছত সিজন উপযুক্ত বুলি জানিও বিয়াৰ বাবে মত নিদিয়া কাৰণটো কেৱল মীৰাৰ বাহিৰে কোনেও জনা নাছিল আৰু তাৰপিছত.......
°°°°°°°°°°°
প্ৰিয়বান্ধৱীক শুভেচ্ছা দি উভতি আহোঁতে, মীৰাৰ মনৰ কোলাহল কোনেও নুশুনে। তেওঁ তাইৰ বাবে কেৱল প্ৰিয়বান্ধৱীৰ স্বামী হৈ ৰয় অথবা তেওঁৰ বাবেও তাই কেৱল পত্নীৰ প্ৰিয়বান্ধৱী। মীৰাৰ কথা তেওঁৰ জনা নহ'ল কাহানিও অথবা মীৰাইও নাজানিলে তাইক আলফুলে সজোৱা সেই হৃদয়খনৰ ঠিকনা। তথাপিও ইজনে সিজনক শ্ৰদ্ধা কৰে, সুখী হোৱাৰ শুভকামনা দিয়ে অন্তৰেৰে। আৰম্ভ নোহোৱা কাহিনীটো শেষ হৈ যায় তেনেকৈয়ে, মাথোঁ ক'ৰবাত ৰৈ যায় প্ৰশ্ন একোটা, অস্পষ্ট ছবি এখন হৈ...।।
✍ মল্লিকা শৰ্মা বৰদলৈ

অালাপৰ বাকৰিত অাপোনাৰ কলমে অামাক বাধিত কৰিলে । বহুতো ধন্যৱাদ ।
ReplyDeleteদুখ এটাই চুই গ'ল। বন্ধুত্ব প্ৰতিদান যেন এৰি থৈ গ'ল এনেকৈয়ে নীৰবতাৰে।
ReplyDeleteভাল লাগিল
ReplyDeleteভাল লাগিল
ReplyDeleteবা, আপোনাৰ গল্পত অনুভৱ এটা বিচাৰি পাওঁ। ধুনীয়া
ReplyDeleteবহুত ভাল লাগিল ৷ আলাপৰ বাকৰিত আপোনাৰ লিখা পুনৰ পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ৷
ReplyDeleteবহুত ভাল লাগিল
ReplyDeleteভাল লাগিল গল্পটো
ReplyDeleteভাল লাগিল সদায়ৰ দৰেই..তৃপ্তি
ReplyDeleteবহুত ভাল লাগিল ৷ এক অবুজ অনুভূতিয়ে চুই গ'ল ৷
ReplyDeleteসাৱলীল প্ৰকাশভংগী
ReplyDeleteহৃদয় চুই যোৱা গল্প এটা উপহাৰ দিলে...
ReplyDeleteসুন্দৰ
ReplyDeleteবৰ ভাল লাগিল ,সুন্দৰ
ReplyDelete